পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ঋণ সুজিবাক নপৰয় জানিবাহ সিটো দুৰাশয়, উপলা সদৃশ বিনোদৰ ভৈলা পাত্ৰ। উপলা--শিল, প্ৰস্তৰ। বিনোদ-আমোদ, খেলা। বিনোদৰ পাত্ৰ-হাঁহিয়াৰ পাৰ, খেলৰ বিষয়ভূত। বি অভিমানী শিষ্যে, হৰিভক্তি পথ দেখাওঁতা গুৰুৰ ধাৰ সুজি- বলৈ বহুত পুৰুষাৰ্থ কৰি (অৰ্থাৎ ধন, সোণ আদি দি) বহুত কথা মনত আলোচনা কৰে, সেই লোকৰ সেই তাৱটো দুষ্টবুদ্ধিৰ পৰাহে হোৱা বুলিব পাৰি। কাৰণ তেওঁ কেতিয়াও হাজাৰ পুৰুষাৰ্থ কৰিও গুৰুৰ ধাৰ সুজিব নোৱাৰে, তেওঁ (শষত ধেমালি কৰা শিলগুটিৰ দৰে ধেমালিৰ বস্তু বা হাঁহিয়াৰহে পাত্ৰ হয়। [bo] হৰি যেন ইটো কৃপাময় ভক্ত গুৰুজনো সেহি নয়: দুয়োজন এক শৰীৰত মাত্ৰ ভিন্ন। কৃপাৰসে তুষ্ট হুয়া চিত্ত লোকৰ হিতক চিস্তি নিত নিজ গুণে তুষ্ট দুয়ো অহঙ্কাৰে হীন। হৰিৰ দৰে ভক্তগুৰুও কৃপাময়; সেয়ে ভগৱান আৰু ভক্তি- পথ দেখাওঁতা ভক্তগুৰু দুয়ো বস্তু, কেৱল আকাৰতহে বেলেগ। এই গুৰু কৃপা-ৰসতে তুষ্ট চিত্ত হৈ (অৰ্থাৎ ভক্তগুৰুৰ কৃপা বৈ পৰা, তেওঁ নিজে নিজে সকলোৰে প্ৰতি সন্তুষ্ট হৈ সদা ভৱৰ মঙ্গল চিন্তা কৰি থাকে। ভগৱন আৰু ভক্তগুৰু দুয়ো নিজে নিজে সন্তুষ্ট হয় আৰু দুয়োৰে। গত অহঙ্কাৰ নই।