পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা চিন্তা নহয়, কেৱল বিষয় ভাৱতে জীৱৰ কাল অতিবাহিত হয়; গতিকে মানৱ দেহ পোৰাৰ সময়টোৱেই জীৱৰ ঈশ্বৰ চিন্তাৰ উপযুক্ত কাল, ইয়াকে বুজি সদায় হৰি নাম লোৱা। মৃত্যোৰ্মুখ সম্পতিতো মনুষ্যো লীলা হৰেগায়তি নো কথং বৈ ৪ ন হস্তপায়েহতৰ প্ৰতত্ত্ব মৃত্যুং হৰেকীৰ্ত্তনমন্তৰেণ। [ ৩ ] মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে হৰি গুণ কীৰ্ত্তন নকৰে। মৃত্যু তৰিবাৰ জানা নাহিকে উপায় আন হৰি নাম কীৰ্তনত পৰে। [ জন্ম হলেই মৰণ আছে; সংসাৰত যিবোৰ জীৱ জন্মিছে, সকলো মৰিব লাগিব। এই কাৰণে মানুহে মৰণক আগত লৈ থকা বুলিব পাৰি। যি মানুহে নানা যাতনাপূৰ্ণ মৃত্যুক সন্মুখত দেখিও বিষয় ভোগত মত্ত থাকি হৰি-কীৰ্ত্তন নকৰে, সেই মানুহে পুনঃ পুনঃ সংসাৰত নানা যোনিত উপজি বাৰ বাৰ সংসাৰত দুখ ভোগ কৰিব লাগে। জন্ম-মৃত্যুৰ হাত সাৰিবৰ উপায় কেৱল হৰিনাম ইয়াৰ বাহিৰে আনে জীৱক মুক্তি দিব নোৱাৰে। কীৰ্তন।