তিনি তাপ-আধ্যাত্মিক, আধিদৈবিক আৰু আধিভৌতিক।
হে কৃষ্ণ, সকলো জাৱ সদায় তিনি তাপত সন্তাপিত হৈ দুখপূৰ্ণ সংসাৰত কষ্টভোগ কৰি আছে; তোমাৰ চৰণ বগা ছাতিৰদৰে শান্তি- প্ৰদ, সেই চৰণে সদায় অমৃতোপম শান্তি দিয়ে অৰ্থাৎ একান্ত মনে তোমাৰ চৰণত আশ্ৰয় ললে শান্তি পোৱা যায়, সেই চৰণত আশ্ৰয় বাহিৰে আৰু অন্ত গতি নাই।
দৰ্শনং বা হি ভূতানাং দুষ্প্ৰাপ্যঞ্চাপি দুৰ্ল্লভং।
ৰজ তমঃ স্বভাৱানং যন্ন প্ৰাপ্তে যদৃচ্ছয়া॥৬৫৬
[ ৬৫৬ ]
বলি নিগদতি যদুপতি ৰাম ৰাম ৰাম ৰাম ৰাম
কিনো কৃপা কৰিলাহা মোক নাৰায়ণ।
দেৱৰো দুৰ্ল্লভ আতিশয় ৰাম ৰাম ৰাম ৰাম ৰাম
গৃহতে থাকিয়া দেখিলো তযু চৰণ॥
ভগৱানে বামন অবতাৰ ধৰ দান মাগি বলিক ছলনা কৰাৰ সময় বলিৰাজে কৈছিল-হে যদুপতি নাৰায়ণ, তুমি মোক কি কপ কৰিলা; তোমাৰ চৰণ দেৱতাৰো দুৰ্ল্লভ, অৰ্থাৎ দেৱতায়ো বহুত আৰা ধনা কৰিহে তোমাক লাভ কৰিব পাৰে, তুমি তেনে দুৰ্ল্লভ বস্তু হোৱা স্বত্বেও মই মোৰ নিজৰ ঘৰতে থাকি তোমাৰ সেই দুৰ্ল্লভ চৰণ দেখ পালোঁ।