বসুদেৱ নিগদতি হাসি সাক্ষাতে বিদিত ভৈল আসি
তুমিসে পুৰুষ প্ৰকৃতিতো কৰি পৰ।
সমস্ত জীৱৰ বুদ্ধি সাক্ষী কেৱল আনন্দ অনুভৱ
স্বৰূপ সুখৰ সাগৰ দেৱ ঈশ্বৰ॥
পুৰুষ-প্ৰকৃতি কৰি পৰ- পুৰুষ-প্ৰকৃতিৰ বাহিৰে; দুয়োৰো ওপৰত ৰা দুয়োৰো নিয়ামক;
ভগৱান শ্ৰকৃষ্ণৰ জন্মত বসুদেৱে অতি সন্তোষ লভি হাঁহি মাৰি কৈছিল—তুমি পুৰুষ-প্ৰকৃতিৰ নিয়ামক পৰম ব্ৰহ্ম, তুমি মোৰ চকুৰ আগত দেখা দিলা; আৰু হে দেৱ ঈশ্বৰ, তুমি সমস্ত জীৱৰ বুদ্ধি স্বৰূপ, সাক্ষী স্বৰূপ (সকলোকে তুমি দেখা) আনন্দ স্বৰূপ অৰ্থাৎ তোমাক চিন্তা কৰিলে আনন্দ আৰু সুখ স্বৰূপ কেবল তোমাক অনুভৱ কৰিব পাৰি।
ত্যপত্ৰয়েণাভিহতস্য ঘোৰে সম্ভাগ্যমান্যস্য ভবাধ্বনীশ।
পশ্যামি নান্যৎ শৰণং ভবাঙ্ঘ্ৰিদ্বন্ধাৎ পত্ৰাদমৃতাভিৰ্বষাং॥৬৫৫
[ ৬৫৫ ]
হে কৃষ্ণ যত জীৱ নিত্য তিনি তাপে হুয়া সন্তাপিত
দুৰ্ঘোৰ সংসাৰ তাপত পৰি আছয়।
তযু পদ শ্বেতছত্ৰ প্ৰায় অমৃত বৰিষে সৰ্বদায়,
তাৰ ছায়া বিনে নেদেখো আৰ আশ্ৰয়॥