পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ বহুত জন্মৰ মূৰত নানা কয় ভোগ কৰি মনুষ্য জন্ম লাভ কৰিছা; [ গতিকে ] পগুৰ নিচিনা বিষয় আশা অৰ্থাৎ ৰূপ, ৰস, গন্ধ স্পৰ্শ, শব্দ আদি ইন্দ্ৰিয়ৰ ভোগ্য বস্তুবোৰৰ আসক্তি এৰা, পশুৱেহে কেৱল বিষয়কে সুখ মনি চলে। { তুমি মানুহ হৈ জন্ম ধৰিছা, তোমাৰ বুদ্ধি আছে। অমৃত খাই অজৰ-অমৰ হোৱাৰ দৰে তুমি সাধুৰ সঙ্গ লৈ মহা সুখে হৰি-কীৰ্ত্তন কৰি সন্তোষ লাভ কৰা; আৰু লগে লগে জন্ম-মৃত্যুৰ হাত সাৰা অৰ্থাৎ মুক্তি লাভ কৰা। ন কালনিয়ম: কশ্চিন্নদেশনিয়মস্তথা। নাশোচাদো নিষেধ: স্যাদ্ধৰোমনি লুব্ধক: ২৮ ( ২৮ ] হৰি নাম কীৰ্ত্তনৰ নাহি কাল দেশ পাত্ৰ। নিয়ম সংযম একো বিধি। হৰিত শৰণ লৈয়া কেৱলে হৰিৰ নাম কীৰ্তন কৰন্তে হোৱে সিদ্ধি। নিয়ম-ব্যৱস্থা, বিধি, ৰীতি, ধাৰ!! নিয়ম পাঁচ বিধ -অক্ৰোধ, গুৰু-শুশ্ৰষা, শৌচ, আহাৰ, লাঘৱ আৰু সদায় অপ্ৰমাদ। সংযম-ব্ৰতাদিৰ পূৰ্ব্বে হবিষ্য ভোজন আদিৰ নিচিনা বিধি; সমাধি, ধ্যান। ভগৱন্তৰ নাম-গুণ লবলৈ সময় অসময় একো নাই, যেতিয়াই তেতিয়াই তাক লব পাৰি; নাম লবলৈ ঠাইৰে বিচাৰ নাই, য’তে দু’তে লব পাৰি; হৰি-নাম লবলৈ একো বিধি ব্যবস্থাও নাই,