পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ। কৃষ্ণ সকলোৰে অন্তৰত আত্মাৰূপে আছে, এতেকে) কৃষ্ণ সকলোৰে নিজ প্ৰিয়তম অত্মা, তেওঁক চিন্তা কৰিলে সংসাৰ-ভয় নাথাকে; যিজনে এই আত্মতত্ত্ব জানে, সেইজনেই বিধান, গুৰু আৰু তেওঁ নিজে ভগৱানৰ নিচিনা ( ভক্ত ভগৱানৰে অভিন)। ৰাম ত্বভোধিকং নাম যদুক্তেৰ নৰৰেং। বিনাপি সেতু নিৰ্মাণমপাৰং ভৱসাগৰং॥৩৭-৩৮ [ ৬৩৭ ] অনন্ত শকতি তুমি ৰাম লক্ষণ সুগ্ৰীৱ বিভীষণ হনুমন্তু আদি মহা মহা বীৰগণে। আনি তৰু লতা পৰ্বতৰু কতেক যোজন সমুদ্ৰেক সেতু বান্ধি পাৰ ভৈলাহা মহা যতনে॥ হে প্ৰভু, তুমি অনন্ত শক্তিপূৰ্ণ ৰাম অথাৎ তুমিয়েই ৰামৰূপে অৱতাৰ হৈ লক্ষ্মণ, সুগ্ৰীব, বিভীষণ, হনুমন্ত, আদি মহা মহা বীৰসকলৰ কাৰা গছ, লতা, পৰ্বত, আমি মহা যত্ন কৰি কেবা যোজন বহল সাগৰত সেতু বান্ধি পাৰ হৈছিল। [ Dobr] হে প্ৰাণ প্ৰভু ৰঘুপতি ৰাম ৰাম ৰাম ৰাম ৰাম তোমাত যুগুত কৰিয়া নাম চাৰ।