পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা আত্মনিন্দা [ ৬৩৩} হৰিসে কেৱল সঞ্চা মাত্ৰ ৰাম ৰাম ৰাম ৰাম ৰাম তান্ত বিনে মিছা যত দেখি শুনি মানে। তাক যিটো মিছা কৰি আশ ৰাম ৰাম ৰাম ৰাম ৰাম দুৰাবাৰ মন মৰস কেনে অজ্ঞানে। ৰাম ৰাম ৰাম হৰিয়েই { ভগৱানৰ নামেই) কেৱল মাত্ৰ সত্য বন্ধ তাৰ বাহিৰে সকলো মিছা; হে দুৰাচাৰ মন, সেই অসত্যক অংশ কৰি ৰামনাম নলৈ কিয় অজ্ঞানত পৰি মৰ? [ ৬৩৪ ] হৰি সত্য নিত্য ভগৱন্ত নাহি পূৰ্বাপৰ আদি অন্ত তাহান চৰিত্ৰ পৰম আনন্দ ৰস। তাক এৰি মন দুৰাশয় যতেক বিষয় বিষময় তাঙ্ক আশা কবি সংসবে মজি মৰস॥ ঈশ্বৰেই সত্য, নিত্য আৰু জগতৰ গৰাকী; তেওঁৰ আদি-অন্ত নাই তেওঁৰ আগেয়ে কোনো প্ৰম্মা নাছিল আৰু পাচতো কোনো নজন্মিব; তেনে সত্য ঈশ্বৰক ভজনা নকৰিহে দুষ্টবুদ্ধি মন বিষে ভৰা বিষয়ক আশা কৰি কিয় তাত মোহ গৈ থাক?