পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Obo সটীক নামঘোষা সূচকে জানিবা নিৰন্তৰে সাধু সমস্তক শুদ্ধি কৰে যিমতে শূকৰে গ্ৰাম্যক শশাধন কৰে। সূচক-নিন্দুক, থলুৱা। সুজনকৰ্তাই মৰম কৰি বৈষ্ণৱ, নিন্দুক, থলুৱাক আৰু বিষ্ঠা খাই ফুৰা গাৰলীয়া গাহৰিক সৃজন কৰিলে। ( কিয়নো গাহৰিয়ে গাৰৰ বিষ্ঠা গাওঁ পৰিষ্কাৰ কৰাৰদৰে বৈষ্ণৱ; নিন্দুক, থলুৱাইয়ে সাধু- সকলক বিশুদ্ধ কৰে অৰ্থাৎ সাধুসকলক নিন্দা কৰি চাৰিওফালে ৰটি ফুৰাত সাধুসকলে সাৱধানে চলি আৰু বিশুদ্ধ হৈ উঠে। মৃগ-মীন-মসাধুনাং তৃণ-জলসঙ্কোষবিহিতবৃক্কীনা। লুব্ধ কৈৱৰ্ত্তপিনাঃ অকাৰণ বৈৰিণে অগতি॥৬৩১ [ ৬৩১] মৃগ মীন মহা সাধু নৰে মনৰ সন্তোসে তৃণ জলৈ হিংসা শূন্য হুয়া থাকয় জীৱন ধৰি। তথাপিতো ইটো ত্ৰিয়ৰ কৈৱৰ্ত্ত পিণ্ডম ব্যাধসব ইটো জগতত তিনি অকাৰণে বৈৰী। হৰিণ, মাছ, আৰু মহন্তই কাৰো একো অপকাৰ নকৰি প্ৰ? তিয়ে দিয়া তৃণ-জল ভোগ কৰি জীয়াই থাকে, তথাপি এই তিনিও বিধৰ অৰ্থাৎ হৰিণ, মাছ আৰু সাধুৰ-ব্যাধ, কৈৱৰ্ত্ত আৰু থলুৱা ইহঁত তিনিও অকাৰণে শত্ৰু।