পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 সটীক নামঘোষ সেইদৰে মানুহে নিজে পৰম আনন্দদায়ক কৃষ্ণক ভজনা কৰি আনন্দ অধিকাৰী হয়, জন্ম-মৃত্যুৰ হাত সাৰে; আৰু নিজে ভগৱন্তক ভজনা নকৰি আনৰপৰা বঞ্চিত হয়, পুনঃ পুনঃ সংসাৰত জন্মি, গে, ব্যাধি, মৃত্যু আদি নানা যন্ত্ৰপাত অশেষ সলাত ভোগ কবে। এতেকে জীৱ নিজেই নিজৰ মিত্ৰ আৰু নিজেই নিজৰ শত্ৰু; ইচ্ছা কৰিলে জীৱে ভগৱন্তক ভজি আনন্দুৰ অধিকাৰী হব পাৰে আৰু তাকে নকৰিলে বাসনাৰ হাত সাৰিব নোৱাৰাৰ ফলত কোটি কোটি কালে নানা ৰূপ দুখ-যন্ত্ৰণাকে ভোগ কৰি থাকিবলগা হয়। [ ২৭ ] দুৰ্লভ মনুষ্য জন্ম লভিয়া পশুৰ যোগ্য বিষয়ৰ আশা পৰিহৰা। সন্তৰ সঙ্গত বসি সুখে হৰিগুণ গায়া সন্তোষে অমৃত পান কৰা। জীৱৰ দুল্ল দুল্লভ মনুষ্ণ জন্ম—গছ-বিৰি, চৰাই-চিৰিকতি, পোক-পৰুৱা, পশু আদি ৰোশী লক্ষ যোনি ভ্ৰমণৰ পাচত জীৱে নৰজন্ম লাভ কৰে, সেই কাৰণে মনুষ্য জন্মক ভ জন্ম বোলে। চোঁশী চক্ৰ ( বিষ্ণু পুৰাণ ) :- স্থাৱৰং বিংশতে লক্ষং জলজং নৱ লক্ষক কুৰ্ম্মাশ্চ নৱ লঞ্চ দশ লক্ষ পক্ষিণঃ ত্ৰিংশল্লক্ষং পশুনাঞ্চ চতুৰ্লক্ষঞ্চ বানঃ ততো মনুষ্যতাং প্ৰাপ্য তত: কৰ্ম্মাণি সাধুয়েৎ?