পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৪
সটীক নাম-ঘোষা
 

নিন্দা

[ ৬২২]

শ্ৰীমন্ত শঙ্কৰে প্ৰকাশিলা  গোবিন্দৰ নাম গুণ যশ
 জগতৰ লোকে পৰম আনন্দে গাৱে।
হেনয় শঙ্কৰ গুৰু বিনে  কমন কাৰণে আন জনে
 লোকৰ মাজত আপুনি গুৰু বোলাৱে॥

 শ্ৰীমন্ত শঙ্কৰদেৱে বেদ, বেদান্ত, পুৰাণ আদি শাস্ত্ৰ মথি ভগৱানৰ নাম-গুণ যশেই কলিৰ অল্পায়ু লোকৰ পক্ষে উপযোগী বুলি প্ৰকাশ কৰিলে, তাকে জগতৰ লোকে সত্য বুলি আশ্ৰয় কৰিলে; (এতেকে শঙ্কৰেহে সকলোৰে গুৰু) এনে শঙ্কৰ গুৰুক এৰি কি কাৰণে আন লোকৰ মাজত নিজক গুৰু বুলি চিনাকি দিয়ে? [অৰ্থাৎ শঙ্কৰেহে গুৰু, গুৰুনামধাৰী লোকসকল উপদেষ্টা মাত্ৰ।]

তিষ্ঠতি বিষ্ণোৰাম সহস্ৰং জিহ্বা ৰটতি বিৰুদ্ধমজস্ৰং।
প্ৰায়ো বুদ্ধি ৰসদা সক্তা কুলটা জাৰপতাবনুৰক্তা॥৬২৩

[ ৬২৩]

বিষ্ণুৰ সহস্ৰ নাম সদা  আছন্ত জিহ্বায়ে তাক এৰি
 সদায়ে বিৰোধ বচন মাত্ৰ ৰটয়।
বুদ্ধি বিষ্ণু তত্ত্ব পৰিহৰি অসন্ত বস্তুত ৰতি কৰি
 যেন বেশ্যা জাৰপতিত মাত্ৰ ৰময়॥