পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭২
সটীক নামঘোষা


 পূৰ্ণিমাৰ জোন অতি নিৰ্ম্মল, ভৰপূৰ এৱাঁ গাখীৰৰ সাগৰ অতি মনোহৰ আৰু লক্ষ্মী আইৰ মুখ অতি বিতোপন বুলি আমি ভাবোঁ; কিন্তু যি লোকে একে কামনা নাৰাখি কেৱল ভগৱানৰ নামত মোহ গৈ তেওঁৰ পাদপদ্ম ভজে বা তেওঁক উপাসনা কৰে, সেই ভক্তৰ মন তাতকৈ বেছি নিৰ্ম্মল আৰু শুনি।

কীৰ্ত্তনং শ্ৰীমুকুন্দস্য বস্যাং দিশি বিৰাজতে।
নত্বা তাং দিশমাঘনান্দঘনে নন্দতি মানৱাঃ॥ ৬২

[ ৬২০ ]

শ্ৰীমুকুন্দৰ নাম গুণ  কীৰ্ত্তন প্ৰকাশ যি দিশত
 সি দিশত প্ৰতি নমস্কাৰ যিটো কৰে।
চিদানন্দ ঘন স্বৰূপত  ঈশ্বৰ কৃষ্ণত নিত্যাগত
 পৰম আনন্দ কৰে সিটো সাধু নৰে॥

চিদানন্দ-আনন্দ দিওঁতা চৈতম্বৰূপ ভগৱান।
নিত্যাগত—নিতৌ অহা, সদায় থাকা বা উদয় হোৱা।
ঘন-মেঘ।

 ভগৱানৰ নাম-গুণ কীৰ্ত্তন যিফালে হয়, সেইফালে যি মানুহে সেৱা কৰে (অৰ্থাৎ ভগৱানৰ নাম-গুণ কীৰ্ত্তন শুনিলে ভক্তি উদ্ৰেক হোৱা যাৰ স্বভাৱ হয়), সেই সাধু নৰে পূৰ্ব্বৰপৰা ভগৱানক ভাবা আৰু ধাৰণা কৰা অভ্যাস থকাৰ গুণে সদায় উদয় হোৱা ঘনস্বৰুপ চিদানন্দ ঈশ্বৰ কৃষ্ণত পৰম আনন্দ কৰে অৰ্থাৎ আকাশত মেঘ দেখি