তত্ত্বৰূপে সখি জানি মোক তৰিয়া দুৰ্ঘোৰ দুখ শোক
অন্তকালে গৈয়া আমাত হোৱে প্ৰবেশ॥
পৰমাৰ্থ তত্ত্ব—ব্ৰহ্মজ্ঞানৰ আঁতিগুৰি; সাৰকথা।
নিঃশেষ—আঁতিগুৰি মাৰি, সুন্দৰকৈ।
তত্ত্ব-ব্ৰহ্ম; মূলা প্ৰকৃতি, মহৎ, অলঙ্কাৰ, মন পঞ্চতন্মাত্ৰ, পঞ্চ মহাভূত, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্ম্মেন্দ্ৰিয় এই চতুৰ্ব্বিংশতি প্ৰকাৰ।
শ্ৰীকৃষ্ণে অৰ্জ্জুনক কৈছে—এই সাৰ কথা শুনা, মোৰ মহিমা আঁতি- গুৰি মাৰি কেৱল ভক্তেহে জানে ( যি মোক ভক্ত কৰি পোৱা নাই, সি মোৰ কথা নাজানে)। সখি, ভক্তে মোক ব্ৰহ্ম বুলি ধাৰণা কৰি অতি কষ্টদায়ক সংসাৰৰ দুখ-শোকৰ হাত সাৰি মৃত্যুৰ পাছতে মোতে প্ৰবেশ কৰে।
[৩১৬ ]
কৃষ্ণ নিগদতি সব্যসাচী পৰামাৰ্থ তত্ত্ব লৈয়ো বাছি
সুদৃঢ় বিশ্বাসে শৰণ লৈয়ো আমাত।
মোতে মাত্ৰ সদা দিয়া চিত্ত গায়ো মোৰ গুণ-নাম-গীত
সকল শাস্ত্ৰৰ কহিলো সাৰ সাক্ষাত॥
সব্যসাচী— (সব্য = বাম , সচ = ক্ষপণ কৰা) বাওঁহাতে শৰ ক্ষেপক,
- অৰ্জ্জুন।
শ্ৰীকষ্ণে কৈছে—হে সব্যসাচী, ব্ৰহ্মজ্ঞানৰ আঁতিগুৰি বাছি লোৱা,
তুমি দৃঢ় বিশ্বাসে মোত আশ্ৰয় লোৱা (ময়ে সকলে, মোক ভজিলে
২৪