পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সততং কীৰ্ত্তয়ন্তো মাং যতন্তশ্চ দৃঢ়ব্ৰতাঃ।
নমস্যন্তশ্চ মাং ভক্ত্যা নিত্যযুক্তা উপাসতে॥৬১৪

[ ৬১৪ ]

ৰহস্যক জানে যিটো লোকে সততে কীৰ্ত্তন কৰে মোকে
 ধৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত।
মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে
 তাৰ মোৰ এৰা এৰি নাহি কদাচিত।

ৰহস্য—গূঢ়তত্ত্ব

 শ্ৰীকৃষ্ণে অৰ্জ্জুনক কৈছে-

 যি লোকে মোৰ গূঢ়তত্ব জানে, তেওঁ সদায় অসম্ভৱ যত্ন কৰি আৰু কঠোৰ ব্ৰত আচৰণ কৰি মোৰ নাম-গুণ সদায় কীৰ্ত্তন কৰে; আৰু মোৰ সৰ্ব্বোৎকৃষ্ট দুই পাৱত অতি ভক্তি ভাৱে নমস্কাৰ কৰে; তেনেকুৱা ভক্তৰ লগত মোৰ সমূলি এৰা এৰি নাই অৰ্থাৎ সেই ভক্তৰ লগত মই সদায় এক হৈ থাকোঁ।

ভক্ত্যা মামতিজানাতি যাবান্ যশ্চাস্মি তত্ত্বতঃ।
ততো মাং তত্ত্বতো আত্মা বিশতে তদনন্তৰং॥ ৬১৪-৬১৬

[ ৬১৫ ]

মাধৱে বোলন্ত অৰ্জ্জুনত শুনা ইটো পৰমাৰ্থতত্ত্ব
 ভকতেসে মোৰ মহিমা জানে নিঃশেষ।