পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ৬১১ ]

অসম্মুঢ়ভাৱে যিটো জন উত্তম পুৰুষ মোক জানে
 তাকে সৰ্ব্ববেত্তা বুলিয় সখি অৰ্জ্জুন।
সিটো সমস্তকে পৰিহৰি কায়মনোবাক্যে যত্ন কৰি
 ভজয় আমাক পুৰুষ সিটো নিপুণ॥

অসম্মুঢ়ভাৱে—জ্ঞান লাভ কৰি; নিশ্চয় কৰি।

সৰ্ব্ববেত্তা-সৰ্ব্বজ্ঞ সকলো জানা।

 ভগবান শ্ৰীকৃষ্ণই কৈছে—হে সখি অৰ্জ্জুন, যি লোকে জ্ঞান লাভ কৰি অৰ্থাৎ মোৰ তত্ত্ব জানি মোক পুৰুষোত্তম বুলি ধাৰণা কৰিব পাৰে, তেওঁকেই সৰ্ব্বজ্ঞ বুলিবা; সেই চকুৰলোকে সংসাৰৰ সকলোকে (ভাৰ্য্যা-পুত্ৰ-ধন) এৰি একান্ত মনে মোতে আশ্ৰয় কৰে ৰা মোক উপাসনা কৰে।

অহং সৰ্ব্ব প্ৰতৱো মন্তুঃ সৰ্ব্ব প্ৰৱৰ্ত্ততে।
ইতি মত্বা ভজন্তে মাং বুধা ভাৰসমান্বিতাঃ॥১১২

[ ৬১২ ]

মোত হস্তে হোৱে চৰাচৰ মোতেসে প্ৰৱৰ্ত্তে নিৰন্তৰ
 ইহাকে অৰ্জ্জুন জানে যিটো মহাজন।
পৰম বিবেকী সিটো জন মোৰ ভাৱযুক্ত হুয়া মন
 মোকে মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্ত্তন॥