পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ। আদি পুণ্য কামবোৰ অৰণ্য বুলি তুলনা দিয়া হৈছে। জন্তুবোৰৰ ভিতৰত যেনে সিংহ শ্ৰেষ্ঠ, পুণ্য কৰ্ম্মবোৰৰ ভিতৰত তেনেকৈ নাম-ধৰ্ম্ম শ্ৰেষ্ঠ।] হাবিৰ সকলো জন্তুৰ ভিতৰত সিংহ শ্ৰেষ্ঠ হোৱাৰ দৰে হোম, স্বাগ, যোগ, পূজা, নাম-কীৰ্ত্তন আদিৰ ভিতৰত নাম ধৰ্ম আটাইতকৈ শ্ৰেষ্ঠ। সিংহৰ গোজৰণিত যিদৰে হাতী, বাথ আৰু আন জন্তুববাৰে আপদ আশঙ্কা কৰি প্ৰাণৰ ভয়ত লৰি পলায়, সেইদৰে সৰ্ব্বধৰ্মশিৰোমণি ভগৱানৰ নাম-কীৰ্ত্তন হলেও সকলো ৰকমৰ পাপ দূৰ হয়, অৰ্থাৎ ভগৱানৰ পৰম পৱিত্ৰ নাম-কীৰ্ত্তন কৰিলে পাপ ভাৱ মনলৈ আহিব নোৱাৰে, অপকৰ্ম কৰিবলৈ প্ৰবৃত্তি নজন্মে, বাসনাই জীৱক সংসাৰত আৱদ্ধ কৰি ৰাখিব নোৱাৰে। আত্মৈব হাত্মনো বন্ধুৰাত্মৈব ৰিপুৰাত্মনঃ। হন্তি ক্ষতি চৈবাত্মা অসৎ সাধু সমাগমে। ( ২৬-২৭) আপুনি আপোন বন্ধু আপুনি আপোন শত্ৰু আপুনি আপোন ৰাখে মাৰে। হৰিক নভজি নৰ আপুনি হোৱয় নষ্ট হৰি ভজি আপোক তৰে। [ যি যেনে ব্যৱহাৰ কৰে সি আনৰপৰা তেনে ব্যৱহাৰ পায়। পৰিশ্ৰমী মানুহৰ ভাত-কাপোৰৰ আকাল নাই; আৰু ন্যায় পথত চলিশে সংসাৰৰ আপদ আহকালে 'মানুহক কষ্ট দিব নোৱাৰে। এইবোৰ সাধাৰণ কথা; ইয়াক সকলো সংসাৰীয়ে বুজি পায়।