পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬৫
সটীক নামঘোষা

একান্ত মনে মোক ভক্তি কৰিলে অন্তকালত তুমি মোত অনায়াসে লীন যাব পাৰিবা।

মষ্যাসক্তমনাঃ পাৰ্থ যোগং যুঞ্জন্ মদাশ্ৰয়ং।
অসংশয়ং সমগ্ৰং মাং যথা জ্ঞান্যামি তৎ শৃণু॥ ৬১০

[ ৬১০ ]

ভগৱন্ত দেৱ নিগদতি শুনিয়ো অৰ্জ্জুন মহামতি
 তোমাত কহওঁ পৰম ইটো ৰহস্য।
ঐশ্বৰ্য্য বিভূতি বলে সমে জানে মোক যিটো নৰোত্তমে
 সিয়ো ভৈলা মোৰ ময়ো ভৈলো তাৰ বশ্য॥

ঐশ্বৰ্য্য—অণিমা, শঘিমা, ব্যাপ্তি, প্ৰকাম্য, মহিমা, ঈশিত্ব, বশিত্ব, কামাবশায়িতা আদি অষ্টবিধ শক্তি।

বিভূতি—ঐশ্বৰ্য্য।

ঐশ্বৰ্য-বিভুতি—অনিমা, লঘিমাদি শক্তি।

বল—প্ৰভাৱ।

 ভগৱানে অৰ্জ্জুনক কৈছে – হে মহামতি অৰ্জ্জুন, তোমাত এই তত্ত্ব- কথা কওঁ শুনা, যি মহাপুৰুষে অনিমা আদি শক্তিৰে সৈতে অৰ্থাৎ সেইবোৰ শক্তিৰ প্ৰভাৱ প্ৰভাৱান্বিত হৈয়ো মোক ভাৱে, সেই পুৰুষ মোৰ আৰু মই তেওঁৰ বশ হোৱা বুলি বুজিবা।

যো মামেবমসংমূঢ় জানাতি পুৰুষোত্তমং।
স সৰ্ব্ববিদ্ ভজতি মাং সাৰ্ব্বভাবেন ভাৰত॥৬১১