পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৪
সটীক নামঘোষা

 পূৰ্ব্ব জন্মৰ সুকৃতিৰ ফলত জন্ম লাভ কৰা ব্ৰাহ্মণ ক্ষত্ৰিয় ( যদিও আগেয়ে মোক ভজি উচ্চ কুলত জন্ম লাভ কৰিছে তথাপি) পুনৰায় মোক ভজিহে মুক্তিলাভ কৰিব পাৰিব। ইয়াত কোনো সংশয় নাই আৰু তাত আচৰিত হবলগাও একো নাই। হে সখি ধনঞ্জয়, তুমি ৰাজঋষি হব পৰা শৰীৰ পাইছা অৰ্থাৎ তুমি ক্ষত্ৰিয় কুলৰ ৰাজবংশত উপজিছা; ইচ্ছা কৰিলে তুমি (ৰাজৰ্ষি) পদ লাভ কৰিব পাৰা। এতেকে সংসাৰৰ অনিত্য আৰু অশান্তিৰ ঠাই জানি, সোনকালে তুমি মোত একান্ত মনে আশ্ৰয় কৰা।

মন্মনা ভব মদ্ভক্তো মদ্‌যাজী মাং নমস্কুৰু।
মামেবৈষ্যসি সত্যং তে প্ৰতিজানে প্ৰিয়োহসি মে॥ ৬০৯

[ ৬০৯ ]

মোত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্ব্বক্ষণ
 মোকে পূজা মাত্ৰ মোক কৰা নমস্কাৰ।
কহিলো তোমাত সত্যবাণী পাইবা সুখে মোক মহামানী
 তুমি প্ৰিয়ত্তম সুহৃদ সখি আমাৰ॥

কহিলো সত্যবাণী—নিশ্চয়কৈ কলোঁ।

 হে সখি, সদায় মেতে মন ৰাখি মোকে অহৰ্নিশে ভক্তি কৰা; মোকে মাত্ৰ পূজা কৰা আৰু সেৱাও মাত্ৰ মোকে কৰা। হে মহা-মানী, তুমি মোৰ প্ৰিয়তম সুহৃদ সখি, তোমাক নিশ্চয়কৈ কলোঁ,