পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬৩
সটীক নামঘোষা


[ ৬০৭ ]

আমাৰ নিৰ্ম্মল ভকতিত   দুৰাচাৰো তৰে কোন চিত্ৰ
 আমাক ভজিয়া চাণ্ডালো তৰে সংসাৰ।
স্ত্ৰী বশ্য শূদ্ৰ আদি যত বিষয়ত সদা মাত্ৰ ৰত
 মোকে ভজি মুখে ইসবো হোৱে উদ্ধাৰ॥

 মোৰ নিৰ্ম্মল ভক্তি ধৰি অৰ্থাৎ মোক ভজি কদাচাৰী লোকে উদ্ধাৰ হোৱা একো আচৰিত কথা নহয়, যি কৰ্ম্মহীন চণ্ডাল সিয়ো মোক একান্ত মনে ভজি মুক্তিলাভ কৰে; আৰু সদায় বিষয়ত আৱদ্ধ থকা তিৰোতা আৰু শূদ্ৰ জাতীয় লোকসকলেও মোতে একান্ত মনে আশ্ৰয় লৈ মনৰ আনন্দে সংসাৰৰ পৰা উদ্ধাৰ হয় বা মুক্তি লাভ কৰে৷

কিং পুনব্ৰাৰ্হ্মণাঃ পুণ্যা ভক্তা ৰাজৰ্যয়ন্তখা।
অনিত্যমসুখং লোকমিমং প্ৰাপ্য ভজস্ব মাং॥৬০৮

[ ৬০৮ ]

ব্ৰাহ্মণ ক্ষত্ৰিয় পুণ্যতনু মোক ভজি তৰিবেক পুনু
 আত অদভুত নাহিকে কোন সংশয়।
ৰাজঋষি তনু আছা পাই অনিত্য অসুখ লোক জানি
 আতি শীঘ্ৰে মোক ভজা সখি ধনঞ্জয়॥