পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. সটীক নামঘোষা ৰাম ৰাম ৰাম ৰাম বুলি ৰামত মোহহা সৰ্বক্ষণে জানা ৰামনাম সহস্ৰ নামৰ তুল্য। মহাদেৱে পাৰ্বতীক কৈছে—হে পাৰ্বতী, তুমি মোৰ কথা শুনা, তুমি যদি ভগৱানৰ ৰামনাম একান্তমনে লোৱা তেন্তে তোমাৰ মূব অতি অমূল্য হব অৰ্থাৎ তোমাৰ মুখশ্ৰী আৰু অপূৰ্ব্ব কান্তিযুক্ত হব; মই সেই কাৰণে ৰাম ৰাম” বুলি সদায় ৰামনাম ৰসত ডুব যাই থাকে; কিয়নো ভগৱানৰ এক ৰাম নাম অৰু হাজাৰ নামৰ সমান। কিং তাত বেদাগমশাস্ত্ৰ বিস্তৰৈস্তীৰৈনেকৈপি কিং প্ৰয়োজন। ষষ্ঠাত্মনো বাঞ্ছসি মোকাৰণং গোবিন্দ গোবিন্দ ইতি ফুটং ৰত॥৬০০ [ ৬০৩ ] বেদাগম আদি কৰি যত বিস্তৰ শাস্তুত নাহি কাজ বিস্তৰ তীৰ্থত নাহি কিছু প্ৰয়োজন। সংসাৰ তৰিতে খোজা যেৱে আপোন মোক্ষৰ হেতু তেৱে গোবিন্দ গোবিন্দ বেকত বোলা বচন। বেদ, আগম আদি যিবোৰ শাস্ত্ৰ আছে সেই বহুল শাস্ত্ৰৰ বিশেষ দৰকাৰ নাই আৰু বহুত তীৰ্থ আদি পৰ্যটন কৰাৰো আৱশ্যক নাই; যদি তুমি মুক্তিলাভ কৰিব খোজা, তেন্তে নিজ মুক্তিৰ উপায় ‘গোবিন্দ নাৰ একান্তমনে উচ্চাৰণ কৰা।