পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সীক নামঘোষা যজোক সমস্তে যজ্ঞচয় যোগ জানোক সমস্তয় হৰি বিনে কদাচিত মৃত্যু নতৰয় যত ৰকমৰ তপ আছে সকলোকে যদি আচৰণ কৰে, তীৰ্থ দৰ্শন কৰি পুণ্য সঞ্চয় কৰিবলৈ যিমান পৰ্বত, যিমান তীৰ্থ আছে, সেই বোৰত যদি উঠ -নমা কৰে বা উপ কৰি যদি পৰ্বতৰপৰা বাগৰি পৰি মৰে, বেদবোৰ যদি অধ্যয়ন কৰে, বিষ্ণুষজ্ঞ, অশ্বমেধঘজ্ঞ আদি যত প্ৰকাৰ যজ্ঞ আছে, যদি সেই যজ্ঞবোৰ কৰে আৰু হঠযোগ, লঘুষোগ আদি যিমান প্ৰকাৰ যোগ আছে, সেই যোগবোৰ যদি অভ্যাস কৰে, তথাপি হৰিক উপাসনা নকৰিলে বা তেওঁক নতজিলে লোকে মুক্তিলাভ কৰিব নোৱাৰে। মহিমায় উপদেশ ‘নাৰায়ণায় নম' ইত্যমেব সত্যং সংসাৰ ঘোৰ বিষসংহৰণায় মন্ত্ৰ। শৃবৃন্তু লুব্ধমতয়ে মুদিত: সৰাগ- মুচ্চৈস্তৰামুপদিশাম্যহমুৰ্দ্ধবাহু: [৫৯১ [৫৯৯ ] ব্যাস নিগদতি লুব্ধমতি শুনিয়ো আনন্দে কৰ্ণপাতি দেওঁ উপদেশ উৰ্দ্ধবাহু উচ্চ কৰি।