পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ott সটীক নামঘোষা যেৱে ভৈল কৃষ্ণ কথা ৰত নিত্য নৈমিত্তিক আদি যত কথাৰ বিৰোধী জানিয়া সবে তেজয়। নাম কীৰ্ত্তন, সাধুসেৱা, দান, দৰিদ্ৰ পূজা আদি কৰ্ম্মবোৰ হৰি- ভক্তি উদ্দীপক; ভক্তৰ যেতিয়'লৈ ভগৱানৰ কথাত ৰতি জন্মে অৰ্থাৎ ভগৱানৰ কথা অহৰ্নিশে শুনি থাকিবলৈ মন যোৱা নহয়, তেতিয়ালৈ হৰিক্তসকলে হৰিভক্তি উদ্দীপক এই কৰ্মবোৰ কৰে; কিন্তু যেতিয়া এই ভক্তসকলৰ কৃষ্ণকথাত ৰতি জন্মে অৰ্থাৎ সংসাৰৰ সকলোকে পাছ কৰি কেৱল কৃষ্ণ কথাকে শুনি আৰু ভণি থাকা সিবিলাকৰ অভ্যাস হয়, তেতিয়া সেইসকলে দৈনিক আচৰণীয় ক্ৰিয়াকাণ্ড ( সন্ধ্যা, নিতাহোম, তিনি প্ৰসঙ্গ আদি) ত্যাগ কৰে। | দৈনিক আচৰণীয় কৰ্মবোৰ নিয়মাধীন। যাৰ হৰিকথাত শ্ৰদ্ধা জন্মিছে বা যি সদায় কৃষ্ণক, ভাবি কৃষ্ণৰ লগত নিজ অত্মাৰ পৰিচয় হৈছে, তেওঁৰ পক্ষে নিয়মাধীন নিত্যকৰ্মবোৰ হৰিভক্তিৰ বিৰোধী, অৱশ্যে তেওঁ ইচ্ছা কৰি এইবোৰ কৰ্ম্ম ত্যাগ নকৰে, ভক্ত সেই অৱস্থাত পৰিলে নিত্যকৰ্মবোৰৰ ফালে তেওঁৰ দৃষ্টি নপৰা 'হয়, কৰ্মবোৰ আপোনা- আপুনি এৰা পৰে।] তপস্তু পৈঃ প্ৰপতন্তু পৰ্বতাদটন্তু তীৰ্থানি পঠন্তু চাগমান। যজন্তু যাগৈৰ্বিবদন্তু বাদৈহৰিং বিনা নৈব মৃতিং তৰন্তি ৫৯৮ [ ৫৯৮] সমস্ত তপক আচৰেক পৰোক পৰ্বতে উঠি যত তীৰ্থত ভমোক পঢ়োক বেদ নিশ্চয়।