পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২ সটীক নামঘোষা ওঁতে লওঁতে তেওঁৰ প্ৰতি যি প্ৰেম জন্মে, সেই প্ৰেমে মহেশৰ নিচিনা শ্ৰেষ্ঠ নিষ্কাম ভক্তকে পৱিত্ৰ কৰিছে; জগতবাসীও সেই প্ৰেমৰসকে পান কৰি পৱিত্ৰ হয়; এনে সৰ্বদেৱ পূজ্য ভগৱানতকৈ শ্ৰেষ্ঠ বস্তু একো নাই পুণ্যাৰণ্যে নৃসিংহৈক নাম সিংহহ বিৰাজতে। যাদতঃ পলায়ন্তে মহাকল্মষকুৰাঃ ২৫ [ ২৫] পুণ্য অৰণ্যৰ মাজে মাধৱৰ নাম সিংহ। প্ৰকাশ কৰয় অতি বৰে। যাৰ ধ্বনি শুনি ভয়ে মহা পাপ হস্তীচয় পালয় অতি ত্ৰাসত লৱৰে। পুণ্য-সৎকৰ্ম্ম, যিবোৰে ইহ আৰু পৰকাত জীৱৰ হিত সাধে; যাগ, যোগ, হোম, পূজা, নাম-কীৰ্ত্তন আদি। মাধৱ-[ মা-লক্ষ্মী, ধৰপতি 3 লক্ষ্মীৰ পতি বা ঐশ্বৰ্য্যৰ গৰাকী ভগৱান। লাস-ভয়। অতি ত্ৰাসত লৱৰে-আতুৰত পৰি লৰ দিয়ে; আপদ আশঙ্কা কৰি প্ৰাণৰ ভয়ত লৰি পলায়। [ অৰণ বুলিলে অৰণ্যৰ বাঘ, ভালুক, বৰা, সিংহ আদি হিংস্ৰ জলৈ আৰু অৰণ্যৰ নিৰ্জনতালৈ মনত পৰে। এই সকলোৰে ভিতৰত সিংহই শ্ৰেষ্ঠ। হোেম, যাগ, যোগ, পূজা, নন-কীৰ্ত্তন