পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৫২ সটীক নামঘোষা সনাৰ ফলত জীৰে মোক্ষ লাভ কৰে অৰ্থাৎ মুক্তি পায়ু আৰু দুৰ্ব্ব সনাৰ ফলত জীৱ সংসাৰত বন্ধ হয় অৰ্থাৎ পুনঃ পুনঃ সংসাৰত জন্ম আৰু এৰে। এই সুবাসনা আৰু দুৰ্বাসনা লোকৰ অন্তৰত কেনেকৈ ওপঞ্জে শুনা—সাধুক সেৱা কৰিলে অৰ্থৎ সাধুলোকৰ আশ্ৰয় ললে অন্তৰত সুবাসনা অৰ্থাৎ ভগৎ ভক্তিৰ ইচ্ছা জন্মে, সাধু বিতুষ্ট হলে অৰ্থাৎ সাধুৰ সৎগুণবোৰলৈ পিঠি দিলে দুৰ্বাসনা জন্মে, সাধুসেৱা নকৰাৰ ফলত জীৱে মুক্তি নাপাই সংসাৰত ঘুৰি ফুৰে। তাৎপৰ্য্য [৫৯২ ] মহন্তৰ বাক্য যিটো কৰে তাক সুবাসনা অনুসাৰে সন্তৰ কৃপাত ভজে গোবিন্দৰ পাৰে। যিটো মহন্তক নিন্দা কবে তাক দুৰ্বাসনা বেঢ়ি ধৰে কৃষ্ণক ভজিবে নপিৰয় মুঢ় ভাবে। যি মানুহে সাধুৰ উপদেশ মতে চলে, তেওঁৰ হিয়াত সভাৱৰ উদয় হয়; আৰু সাধুৱে তেওঁক আশ্ৰয় লোৰ লোকৰ ব্যৱহাৰত সন্তুষ্ট হৈ তেওঁক হৰিভক্তিৰ তত্ত্ব উপদেশ দিয়াৰ ফলত, সেই লোকে ভগৱানক ভজিব পৰা হয়। যি মানুহে সাধুৰ গুণক আদৰ নকৰি তেওঁক নিন্দা কৰে, সেই মানুহৰ অন্তৰত অসং ভাৱৰৰে