পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা [ ৫৮৯ ] যাৰ পাদোদকে দেৱী গঙ্গা যাৰ বাক্য হুয়া আছে বেদ পৰম পতিতো তৰয় যাহাৰ নামে। সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো পৰম কাৰণ নাৰায়ণ হেন ঈশ্বৰক নভয় কোন কামে। যাৰ পদজলৰপৰা গদেৱী জন্মিছে, যাৰ মুখৰপৰা বেদ ওলাইছে যাৰ নাম লৈ মহাপাপীয়া মুক্তিলাভ কৰিব পাৰে আৰু যি সংসাৰৰ বন্ত স্বজন, পালন আৰু সংহাৰ কৰিছে, এনে ঈশ্বৰক কিয় মাসুহে নতজে? অৰ্থাৎ গঙ্গা পবিত্ৰ তীৰ্থ, সেই গঙ্গা বিষ্ণুৰ পদজলৰপৰা হৈছে, বেদ ধৰ্ম্মৰ মূল গ্ৰন্থ, সেই বেদে। ভগৱ নৰ মুখৰপৰা ওলাইছে; ভগৱন এনে ডাঃৰ বস্তু বে অতি পাপিষ্টজনেও তেওঁৰ নাম একান্ত মনে লৈ মুক্তিলাভ কৰিব পাৰে। ভগৱানেই এই সংসাৰ প্ৰজন কৰিছে, ভগৱানেই পালন কৰিছে আৰু ভগৱানেই সংহাৰ কৰিছে—তেওঁ এনে ডাঙৰ বস্তু, তথাপি কিয় যে লোকে তেওঁক চিন্তা নকৰে কব নোৱাৰে॥ পাৰ পৰং বিষ্ণুৰপাৰপাৰংগৰ পাৰমপাৰৰূপী। স ব্ৰহ্মপাৰ পৰপাৰভুতঃ সঃ পাৰাণমপি পৰপাৰঃ ৯ [ ৫৯০] অপাৰ সংসাৰ সিন্ধু আৰ বিষ্ণুসে পৰম পাৰ যত পাৰ আশ্বে তাত পৰম পৰমাত্মাৰূপে।