পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা { ২৪ ] বিষ্ণু পাদোদকী গঙ্গা মহেশে সহিতে ইটো জগতকে পৱিত্ৰ কৰয়। হেন কৃষ্ণ বিনে কোন ভগৱন্ত হেন ইটো শৱদৰ স্বৰূপ আছয় || বিষ্ণু পাদোদকী গঙ্গ। মহেশে সহিতে ইটো জগতকে পবিত্ৰ কৰয়—গঙ্গাই মহেশৰু আৰু জগতকে। পৱিত্ৰ কৰে, অৰ্থাৎ মহেশে সৈতে সমস্ত জগতক পবিত্ৰ কৰে। [ বিষ্ণু পুৰাণত এটা উপাখ্যান আছে। সৰস্বতীৰ ৰাগিণীত বিষ্ণুৰ শৰীৰপৰা ঘাম ওলাইছিল; সেই ঘাম লক্ষ্মী আৰু সৰস্বতীয়ে কুম্ভত ভবাই থৈছিল। চত ভগৱানৰ বামন অৱতাৰত ব্ৰহ্মাই (সই ঘাম-জলেৰে তেওঁৰ পাদ প্ৰক্ষালন কৰে। বিষ্ণুৰ পাদ প্ৰক্ষালনৰ জল বৈ যোৱা দেখি ব্ৰহ্মাই তাক কমণ্ডলুত তৰাই থয়। বহুত কালৰ পাচত সগৰ ৰজাৰ বংশৰ ভপীৰথে তাক ভু-তললৈ নমাই নিয়াত তাৰে এধাৰা শিৱৰ জটাত সোমাই ৰয়। এই উপাখ্যানৰপৰা এনে বোধ হয়, ভগৱন্তৰ প্ৰতি জন্ম ভক্তৰ প্ৰেমৰসেই গঙ্গা; শিৱ এজনা পৰম ভক্ত; ভক্তি তেওঁক শুদ্ধ কৰিছে। ভূ-তলৰ অন্যান্য লোককো তগৰৰ তক্তিয়ে পৰিত্ৰ কৰে।] বিষ্ণুৰ পাদ-প্ৰক্ষালন কৰা গঙ্গাই মহেশৰ সৈতে সমস্ত জগতক পৱিত্ৰ কৰে, শব্দ ৰূপ থকা এনে ভগৱন্ত কৃষ্ণৰ বাহিৰে ডাঙৰ কোন আছে? পৰমেশ্বৰ নিৰাকাৰ আৰু নিৰাময়; তেওঁ বায়ুতকৈও অতি সূক্ষ্ম ভাৱে বিশ্বত পৰিব্যাপ্ত আছে। এই গন্তৰ নাম একান্ত মনে