পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘে ৩০১ (৫৬৪) কলিত কীৰ্ত্তন যিটো কৰে হৰিনাম? তাৰ আৰ আচৰিবে নাথাকিল কাম। বি শোকে এই কলিকাল ৩ একান্ত মনে হৰিনাম কীৰ্ত্তন কৰে ধৰ্ম্ম সম্বন্ধে তেওঁ সকলো কাম কৰাৰদৰে হয় অৰ্থাৎ আত্মাৰ সদগতিৰ অৰ্থে তেওঁৰ কৰিবলগীয়া আৰু একো কাম বাকী নাথাকে। ৫৬৫) নাহিকে কলিত ধৰ্ম্ম কীৰ্ত্তনৰ সম। যিটো গাৱে হৰি গুণ সি সি নৰোত্তম। হৰিনাম কীৰ্ত্তনৰ সমান কলিত আৰু একে! ধৰ্ম্মকৃত্য নাই। বি লোকে একান্ত মনে হৰি নাম-গুণ কণ্ঠন কৰে, তেৰেই মানৱ- শ্ৰেষ্ঠ বা মহাপুৰুষ। (৫৬৬) কলিত কীৰ্ত্তনে মিলিবেক মহাভাগ। সংসাৰক তৰি মাধৱক পাইবা লাগ ৫ কলিকাল হৰিনাম কীঃ কৰিলে মহা ভাগ্যোদয় হয় অৰ্থাৎ মুক্তিলাভ কৰিব পাৰি; যদি একান্ত মনে তুমি নাম-কীৰ্ত্তন কৰা, তেন্তে মুক্তিলাভ কৰিব পাৰিব। নাম (৫৬৭} কেশৱ কমলাকান্ত অনন্ত অনাদি। নিত্য নিৰঞ্জন শুদ্ধ বুদ্ধ বেদবাদী।