পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোৰা Dot ৰাম নাম নিত্যানন্দময় অৰ্থাৎ ভগৱানৰ নাম একান্ত মনে হলে সদা আনন্দ পোৱা যায়; সেয়ে সি ভক্তৰ বৰ আদৰৰ সামগ্ৰী। ভগৰানৰ বাহিৰে আন সকলো বস্তু অনিত্য-আজি আছে, কালি [ ৫৫২] আন ধৰ্ম্ম নাহি হৰিনামক উপম। হৰিৰ বল্লভ যিটো সদা বোলে ৰাম। হৰিৰ বল্লভ-হৰিৰ প্ৰিয়পাত্ৰ। হৰিৰ নাম কীৰ্ত্তন কৰা ধৰ্ম্মৰ লগত আন কোনো ধৰ্ম্ম তুলনা হয নোৱাৰে। যি লোকে হৰিৰ নাম লওঁতে লওঁতে হৰিৰ প্ৰিয়পাত্ৰ সদায় তেওঁৰ নাম নোলোৱাকৈ থাকিব নোৱাৰে। [040] কৃষ্ণ নাম সদায়ে আনন্দে যিটো ধৰে। বংশ সমে তৰয় হৰিকো বশ্য কৰে। যি লোকে সদায় আনন্দ মনে কৃষ্ণনাম লয়, সেইলোকে নিজেতো উদ্ধাৰ হয়েই, তদুপৰি তেওঁৰ বংশৰ লোকেও তেওঁৰ অহি লৈ নাম কীৰ্ত্তন কৰি মুক্তিলাভ কৰে আৰু হৰিকো তেওঁ বশ কৰাৰদৰে হয়; অৰ্থাৎ একান্ত মনে নাম লোৱাৰ ফলত যেতিয়াই ইচ্ছা যেতিয়া তেওঁ ভগৱানক উপলব্ধি কৰিব পাৰে। | ৫৫৪ ] হৰি গুণ গাৱে যিটো কৰিয়া নিশ্চয়। হৰিক সুহৃদ পাৱে মৃত্যু কোন ভয়। ২২