পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৪০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৬
সটীক নামঘোষা

স্বৰূপ হৰি, তুমি অনাথৰ নাথ আৰু ভকতৰ সংসাৰ ভয় নাশ কৰোঁতা। তোমাত মই একান্তে শৰণ ললোঁ, মোক আশ্ৰয় দিয়া।

প্ৰশংসা

[ ৫৪৯ ]

শ্ৰীৰাম নামে ৰতি মিলিল যাহাৰ।
সিটো ভগ্যৱন্তে পাইলে সংসাৰৰ পাৰ॥

 যি লোক ভগৱানৰ নামক ভালপোৱা হয় আৰু সদায় তেওঁৰ নাম লৈ থাকে, সেই লোকেই ভাগ্যৱান—তেওঁ সংসাৰ-সাগৰ পাৰ হোৱাৰদৰে হল অৰ্থাৎ তেওঁ জন্ম-মৃত্যুৰ হাত সাৰিল।

[ ৫৫০ ]

হৰি গুণ ভকতৰ কৰ্ণৰ ভূষণ।
যিটো সদা বোলে নাম সি সি মহাজন॥

 হৰি-গুণ-নাম শ্ৰৱণ ভক্তৰ কাণৰ অলঙ্কাৰ স্বৰূপ; অৰ্থাৎ ভক্তে ভৱানৰ নাম-গুণ শুনিবলৈ ভাল পায়; ইয়াকে জানি যি লোকে সদায় ভগৱানৰ নাম লয়, সেই লোকেই সাধুলোক।

[৫৫১]

নিত্যানন্দময় বাৰ ভকতৰ ধন।
হৰি বিনে আন ধন সবে অকাৰণ॥