পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩০
সটীক নামঘোষা

[৫৩১]

ৰাম কৃষ্ণ হৰি মন বুলিয়ো যতনে।
ব্ৰহ্মাৰ দুৰ্লভ নাম তাৰে হেলা কেনে॥

 ব্ৰহ্মাৰ দুৰ্লভ—পৰম, বাঞ্ছিত।

 হে মন, একাণপতীয়া ভাবে তই ৰাম কৃষ্ণ নাম উচ্চাৰণ কৰ। হৰিনাম ব্ৰহ্মাৰো কামনাৰ বস্তু; ইয়ালৈ তোৰ কিয় হেলা অৰ্থাৎ হেলা কৰি ইয়াক নোলোৱালৈ কিয় থাক?

[ ৫৩২ ]

মন বোল ৰাম কৃষ্ণ পৰম আনন্দে।
মুকুতি তেজিয়া জপে সনক সনন্দে॥

 হে মন, পৰম আনন্দ মনে ৰাম কৃষ্ণ নাম উচ্চাৰণ কৰ, ৰাম কৃষ্ণ নাম এনে ৰসপূৰ্ণ, যে সনক, সনন্দ আদি মুনিসকলে মুক্তিকো কামনা নকৰি ভগৱানৰ নামকে একান্তমনে লয়।

প্ৰাৰ্থনা

[ ৫৩৩ ]

হে প্ৰাণবন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ।
অণু এক দয়া কৰা মায়া হোক দূৰ॥

 হে প্ৰাণ বন্ধু, কৃপাৰ ঠাকুৰ কৃষ্ণ, মোক অতি সামান্য পৰিমাণ কৃপা কৰা—মোৰ বিষয় বাসনা দূৰ হওক অৰ্থাৎ বিষয়ৰ হাত সাৰি