পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৯
সটীক নামঘোষা

ভক্তৰ লগত নামৰ দোকান পাতা অৰ্থাৎ হৰি-গুণ আলাপন কৰা বা ধন দি দোকানৰ বস্তু কিন ৰ দৰে ভক্তক ভক্তি কৰি তেওঁৰপৰা ভগৱানৰ তত্ব লাভ কৰা।

[ ৫২৯ ]

ভজ মন্দ কপট তেজিয়া হৰি পায়।
সৰ্ব্বসাক্ষী হৰিত কপট নুযুৱায়॥

সৰ্ব্বসাক্ষী—সৰ্ব্বদশী।

কপট—ভণ্ডামী, বেঁকাভাব।

 হে মন, কপট ভাব এৰি মুখে পেটে একে হৈ একান্ত মনে হৰিক চিন্তা কৰা; ভগৱান সৰ্ব্বদশী অৰ্থাৎ তেওঁ অন্তৰ-বাহিৰ সকলো দেখিছে; তেওঁৰ লগত কপটতা নাখাটে।

[ ৫৩০ ]

গোপাল গোবিন্দ ৰাম বোল পাপী মন।
অন্যায় নকৰ লগে চৈধ্য সাক্ষী * জন॥

 সদা পাপ কামলৈ ঢাল খাব খোজা হে মন, তই সদায় ভগ- ৱানৰ গোপাল গোবিন্দ ৰাম নাম আদি উচ্চাৰণ কৰা; কপট ভাবে তই নাম নলবি আৰু বেয়া কাম নকৰিবি; কিয়নো তোৰ চাৰিও- ফালে চৈধ্যজনা সাক্ষীয়ে দেখি আছে, সিবিলাকৰ হাতত তই ধৰা পৰিবি।


* চৈধ্য সাক্ষী— সূৰ্য্য, চল, বায়ু, বৰুণ, অগ্নি, আকাশ, পৃথিৱী, হৃদয়, যম,

 দিন, ৰাতি, উভয় সন্ধ্যা আৰু ধৰ্ম্ম।