পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৮
সটীক নামঘোষা

[৪৫৫]

ৰাম নাম লৈয়ো মন ৰাম নাম লৈয়ো।
মিছা আশা লাজ মন পাশ কৰি থৈয়ো॥

 হে মন, একান্ত মনে ৰাম নাম লোৱা, হৰিনাম লবলৈ লাজ নকৰিবা আৰু নাম লওঁতে বিষয় আশাও মনত ঠাই নিদিবা।

[ ৫২৬ ]

ৰাম কৃষ্ণ বোল মন ৰাম কৃষ্ণ বোল॥
অসাৰ সংসাৰ সুখ তাৰ আশা ভোল।

 হে মন, একান্ত মনে মনে ৰাম-কৃষ্ণ নাম কীৰ্ত্তন কৰা, সংসাৰ-সুখ অনিত্য—আজি আছে কালি নাই-হৰি-নাম লৈ সেই অস্থায়ী সুখ পাহৰি পেলোৱা।

[৫২৭]

হৰিপদে ভঞ্জা মন হৰিপদে ভজ।
ঘোৰ আশা-নদী মাজে মিছাত নমজ॥

 হে মন, একান্ত মনে হৰিক চিন্তা কৰা, নদীত পৰি ডুবি মৰাৰ দৰে সংসাৰৰ দুৰ্ঘোৰ আশাত আৱদ্ধ হৈ অনাহকতে লটি ঘটি নহবা৷

[ ৫২৮ ]

ৰাম নাম লৈয়ো মন তেজ আশা আন।
ভকতৰ সঙ্গে পাতা নামৰ দোকান॥

 হে মন, অন্য আশা এৰি একান্ত মনে ৰামনাম লোৱা আৰু