পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৬
সটীক নামঘোষা

 হৰিৰ নাম কীৰ্ত্তন কৰিবলৈ একোৰে খৰচ নাই অৰ্থাৎ এনেই {ধূপ, দীপ, নৈবেদ্য, ফল-মূল অভাৱেও একান্ত মনে তেওঁৰ নাম ললেই হয়।) ৰাম-কৃষ্ণ আদি নাম একান্তমনে শুনি থাকিলে কাণত অমৃত বৰষা যেন লাগে অৰ্থাৎ ভগৱানত ভক্তি জন্মিলে তেওঁৰ নাম যিমানে শুনা যায়, সিমানে শুনি থাকিবলৈ মন যায়।

[ ৫২০ ]

যাৰ মুখে ৰাম বাণী আসে সৰসৰি।
জানিবা নিশ্চয় তাৰ বশ্য ভৈল হৰি॥

 (ভগৱানৰ নামত প্ৰীতি নজন্মিলে মানুহৰ মুখৰপৰা অহৰহ নাম নোলায়, সেয়ে কৈছে) যাৰ মুখৰপৰা সদায় সৰসৰি নাম ওলায়, ভগৱান সেই লোকৰ বশ্য হব বুলি অৰ্থাৎ সেই লোকে ভগৱানক উপলব্ধি কৰিলে বুলি নিশ্চয় জানিবা।

[ ৫২১ ]

হৰি যাৰ বশ্য ভৈল তাৰ কিবা ৰৈল।
হৰিৰ কৃপাৰ পাত্ৰ সি সি জন ভৈল॥

 ভগৱানক চিন্তা কৰোঁতে কৰোঁতে যি লোকে ভগৱানক লাভ কৰিব পাৰে; তেওঁৰ সংসাৰত লাভ কৰিব লগা আৰু একো বস্তু বাকী নাথাকে , কিয়নো এই বিশ্বখনেই ভগৱানৰ, ভগৱানক পালেই গোটেই বিশ্বৰ বস্তুকে পোৱাৰ দৰে হয়। সেই লোকে ভগৱানৰ কৃপাৰ পাত্ৰ অৰ্থাৎ সেই লোকে যিহকে বাঞ্ছা কৰে ভগৱানৰ কৃপাত তাকে পায়।