পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৩
সটীক নামঘোষা

 হে ভাই, কত জন্মৰ পাচত এই মানৱী জন্ম পাইও ভগৱানক পূজা-সেৱা নকৰিলা, ইয়াৰ ফলত তুমি পৰজন্মত নিশ্চয় গছ-বন,শিল আদি হৈ এই সংসাৰত লালাট ভুঞ্জিব লাগিব।

[ ৪৮৩ ]

হৰি কীৰ্ত্তনক যিটোজনে হেলা কৰে।
আপোনাক আপুনি বঞ্চিলে সিটো নৰে॥

 যিলোকে এই হেন মানৱ জন্ম পাইও হৰিৰ নাম-গুণ কীৰ্ত্তন কৰিবলৈ হেলা কৰে, সি ইচ্ছা কৰি নিজক নিজে ঠগোৱা হয়; অৰ্থাৎ জ্ঞান-বুদ্ধিসম্পন্ন মানুহে ইচ্ছা কৰিলে হৰিক আশ্ৰয় কৰি মুক্তি লাভ কৰিব পাৰে। কিন্তু তাকে নকৰিলে ইচ্ছা কৰি মানুহে নিজক সংসাৰত বন্ধ কৰা

[ ৪৮৪ ]

মনুষ্য শৰীৰ পাই হৰিক নভজে।
এহি মান দোষে ঘোৰ নৰকত মজে॥

 যি লোকে মানৱ জন্ম পায়ো কৃষ্ণক অকপট ভাৱে পূজা নকৰে, সি এই দোষৰ বাবে মুক্তি লাভ কৰিব নোৱাৰি সংসাৰত আৱদ্ধ হৈ নানা দুখ-দুৰ্গতি ভোগ কৰে।

[ ৪৮৫ ]

মৃত্যুৰ মুখত পৰি নভজে হৰিক।
সিটো অধমৰ জীৱনত ধিক ধিক॥