পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১২
সটীক নামঘোেষা

 পৰমেশ্বৰৰ তত্ত্ব থকা শাস্ত্ৰৰে সাৰ তত্ত্ব হৈছে ভগৱানৰ ৰাম-কৃষ্ণ আদি নাম। এনে পৰি নাম অজ্ঞান পাপীসকলে কিয় সদায় নলয়।

[৪৮০]

হৰিপদ সেৱা সুখ ভকতে জান‍য়।
আন জনে তাৰ গন্ধ মাত্ৰো নপাৱয়।।

 হৰিত আশা লৈ তেওঁৰ নাম-গুণ শ্ৰৱণ-কীৰ্ত্তন কৰিলে আৰু তেওঁত ভক্তি জন্মিলে যি সুখ জন্মে, তাক কেৱল সেৱা-সুখৰ আস্বাদ পোৱা ভক্তসকলেহে অনুভৱ কৰিব পাৰে , সেৱা সুখ নোপোৱা অভ-কতে সেই সেবা-সুখ অনুভৱ কৰিব দূৰত থাওক, তাৰ গোন্ধও নাপায়।

[৪৮১]

হৰিপদে শুদ্ধ ভাৱে যিজনে ভজয়।
হৰিনাম লৈয়া সুখে দুৰ্গতি তৰয়।।

 যি মানুহে অকপট ভাৱে হৰিত আশ্ৰয় লয় আৰু তেওঁৰ গুণ চৰিত্ৰ কীৰ্ত্তন কৰে সেই লোকে হৰি নাম লৈয়েই সংসাৰৰ দুখ- দুৰ্গতিৰপৰা উদ্ধাৰ হয় বা মুক্তি লাভ কৰে।

[ ৪৮২ ]

মানবী জনম পাই হৰি নভজিলা।
অৱশ্যে হৈবাহা ভাই তৃণ-তৰু-শিলা।