পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩১৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১১
সটিক নামঘোষা

আনন্দ লাভ হয়। কিছুমান দুৰ্বোধ লোকে এই সামান্য বিষয়কে আশা কৰি একান্তমনে সেই আনন্দময় ভগৱানক নভজে।

[৪৭৭]

আপুনি নলৱে নাম অনকো নিন্দয়।
কোটি জনমক লাগি দুৰ্ঘোৰ সঞ্চয়॥

 এই দুৰ্ব্বুৰীয়া লোকসকলে নিজেতে নাম নলয়েই, আনে লোৱা নিলেও নিন্দা কৰে; তাব দ্বাৰা কেটি জন্মলৈ দুৰ্ঘোৰ পাপ সাঁচে; অৰ্থাৎ নামক নিদা কৰাৰ ফলত তেওঁ বহুত জন্ম পাছলৈও অপকৰ্ম্ম কৰি নানা ললাট ভুঞ্জে।

[ ৪৭৮]

হৰিনামে কৰে সংসাৰৰ বন্ধ ছেদ।
হেন নামে নাহি ইচ্ছা কিনো ভৈলা খেদ।

 হৰিৰ নামে সংসাৰৰ বন্ধন ছেদন কৰে অৰ্থাৎ একান্তমনে হৰি- নাম ললে বিষয় বাসনা পূৰ হয়; এনে পৰম উপকাৰী নাম লবলৈ মানুহৰ অনিচ্ছা হল, ইয়াতকৈ অৰু কি বেজাৰৰ কথা আছে?

(৪৭৯]

ৰাম কৃষ্ণ হৰি নাম নিগম নিগুঢ়।
সদা নুসুমৰে কেনে পাপমতি মুঢ়॥

 নিগম—নিবৃত্তিমূলক শাস্ত্ৰ।

 নিগম নিগুঢ়—নিগম শাস্ত্ৰত থকা ৰহস্য।