পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১০
সটীক নামঘোষা

[৪৭৪]

হৰিনামে কৰে অণ্ড্য জাতিকো মুকুত |
সজ্জনে নামক নিন্দে কিনো অদভুত॥

 ভগৱানৰ নাম এনে শক্তিমান, যে জ্ঞানত অতি তলত পৰি থকা অনাৰ্য্যলোককো ই মুক্তি দিয়ে। এনে শক্তিমান পৰম পৱিত্ৰ নামকো উচ্চ শ্ৰেণীৰ আৰ্য্যলোকে বা পণ্ডিতে নিন্দা কৰে, ই কি আচৰিত কথা। অৰ্থাৎ ইয়াতকৈ আচৰিত কথা আৰু কি হব পাৰে?

[ ৪৭৫ ]

মহাপাপী তৰে হৰিনামৰ কীৰ্ত্তন।
হেন নাম নলৈয়া সজ্জন ভৈল কেনে॥

 গো-বিপ্ৰ বধকাৰী মহাপাপীসকলেও যদি একান্ত মনে হৰিৰ নাম-কীৰ্ত্তন কৰে, তেন্তে মুক্তি লাভ কৰিব পাৰে, এনে পৰম পবিত্ৰ ন্যমলৈ হেলা কৰি বা তাক নলৈ মানুহে কেনেকৈ নিজক সজ্জন বুলি অভিমান কৰে কব নোৱাৰোঁ।

[ ৪৭৬ ]

দুখময় ক্ষুদ্ৰ বিষয়ক আশা কৰি।
একান্তে নভজে পূৰ্ণানন্দ মহা হৰি॥

 বিষয় দুখৰ কাৰণ, যিমানে ধন ভাৰ্য্যা-পুত্ৰ আদিৰ বিষয় চিন্তা কৰা যায়, সিমানে নানা অসুখ আৰু অশান্তি আহে, আৰু ই দুদিনীয়া, আকি আছে কালি নাই। হৰি আনন্দময়, তেওঁক ভজিলে