এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৮
সটীক নামঘোষা
যি লোকে সদায় ভগৱানৰ নাম স্মৰণ কৰে, সেইলোক হৰিৰ অতি প্ৰিয়পাত্ৰ হয় অৰ্থাৎ সেইলোকে ভগৱানক লাভ কৰে বা ভগৱান তেওঁৰ হিয়াত উদয় হয়।
উপদেশ
ৰাম বুলি তৰে মহা মহা অন্ত্যজাতি।
যিটো নাম নলৱে হীনতো হীন আতি॥
ৰাম নামৰ এনে মাহাত্ম্য, যে মহা অন্ত্য জাতিও যদি এই নাম নয়, তথাপি একান্ত মনে নাম লোৱাৰ ফলত পৱিত্ৰ হৈ মুক্তি লাভ কৰিব পাৰে; যি মানুহে ভগৱানৰ নাম নলয় সি অতি উচ্চ জাতিত আৰু উচ্চ বংশত জন্মিলেও অতি তলত পৰি থাকে, তেওঁ মুক্তি লাভ কৰিৰ নোৱাৰে।
[ ৪৭০ ]
ৰাম কৃষ্ণ বুলিয়া সংসাৰ সুখে তৰে।
ৰাম কৃষ্ণ নুবুলি জনম ঝুটা কৰে॥
ঝুটা–মিছা, বৃথা।
ঝুঠা–চুৱা, উচ্ছিষ্ট।
একান্ত মনে ৰাম-কৃষ্ণ নাম লৈ অতি অপ্রয়াসে জীৱে মুক্তি লাভ কৰে আৰু এই নাম নোলোৱাৰ ফলত জীৱৰ এই মানৱী জন্ম অথলে যায়।