পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৭
সটীক নামঘোষা

 যাৰ মুখত ৰাম-কৃষ্ণ নাম থাকে অৰ্থাৎ সদায় যি ভগৱানৰ নাম লয়, তাৰেই মহাভাগ্য উদয় হয় অৰ্থাৎ ভগৱানৰ তত্ত্ব লাভ হয় আৰু তাৰ ফলত মুক্তিলাভ কৰিব পাৰে।


[ ৩৬৬ ]

ৰাম কৃষ্ণ কীৰ্ত্তন স্বভাৱ ভৈলা যাৰ।
সিটো ভৈলা হৰিৰ হৰিয়ে ভৈলা তাৰ॥

 যি ভগৱানৰ নাম কীৰ্ত্তন নকৰি থাকিব নোৱাৰা হয়, তেওঁ হৰিক এৰিব নোৱাৰা হয়, আৰু হৰিও তেওঁক এৰিব নোৱাৰা হয় অৰ্থাৎ সেই লোক ভগৱানৰ সৈতে মিলি যোৱাৰ দৰে হয়।


[ ৪৬৭ ]

ৰাম কৃষ্ণ নামক সততে যিটো গাৱে।
তা হৰি ৰাথিয়া ফুৰন্ত সৰ্বভাৱে॥

 যি লোকে সদায় ভগৰানৰ নাম লৈ থাকে, তেওঁক ঈশ্বৰে সক্লো প্ৰকাৰে ৰক্ষা কৰে অৰ্থাৎ ভগৱানৰ নাম লোৱাৰ ফলত সেইলোকক সংসাৰৰ দুখ-বিপদে পীড়িব নোৱাৰে আৰু অন্তকালতো মুক্তি লাভ কৰে।


[ ৪৬৮ ]

ৰাম কৃষ্ণ নাম যিটো সততে সুমৰে।
হৰিৰ পৰম প্ৰিয় ভৈল সিটো নৰে॥