পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৬
সটীক নামঘোষা

 যি মানুহে সদায় ৰাম কৃষ্ণ নাম লয়, সেই মানুহৰ মৃত্যুলৈ অলপো ভয় নাথাকে। (তেওঁলোকে সদায় নাম লোৱাৰ ফলত মায়াৰ হাত সৰাৰ কাৰণে বিষয়লৈ সিবিলাকৰ অলপো মোহ নাথাকে, গতিকে মৃত্যুভয়ে পীড়িব নোৱাৰে।)

[ ৪৬৩ ]

ৰাম কৃষ্ণ নাম সদা লৱে যিটো নৰে।
যম ৰাজা তাহাৰ লিখন দূৰ কৰে॥

 যি মানুহে সদায় ভগৱানৰ ৰাম-কৃষ্ণ আদি নাম লয়, যম ৰজাই সেই লোকৰ ভাগ্যত লিখা দুখ-কষ্ট মাচি পেলায় অৰ্থাৎ সদায় ৰাম- কৃষ্ণ আদি নাম লোৱাৰ ফলত মানুহৰ পূৰ্ব্ব জন্মৰ কৰ্ম্মফলত বেয়া হবলগীয়া থাকিলেও বেয়া হব নোৱাৰে, সি ভালত পৰিণত হয়।

[ ৪৬৪]

ৰাম কৃষ্ণ নাম সদা ফুৰে যিটো গাই।
তাহাৰেসে সমস্ত বিঘিনি ভৈলা ছাই।

 যি মানুহে সদায় ৰাম-কৃষ্ণ নাম গায়, সেই লোকৰ সকলো প্ৰকাৰ দৈহিক অসুখ নষ্ট হয় অৰ্থাৎ সদায় নাম লোৱাৰ ফলত মানুহৰ হবলগীয়া আপদ ঘটিব নোৱাৰে।

মহিমাযুক্ত উপদেশ

[৪৬৫ ]

ৰাম কৃষ্ণ নাম যাৰ মুখত থাকয়।
তাহাৰেসে জানিবা মিলিল মহোদয়॥