পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ ২। নিজৰ গুণ-গান, স্বাৰ্থ ভাল পোৱাটো নিম্ন-ৰৰ লোকৰ এটা সাধাৰণ বৃত্তি; ভগৱানে ভক্তৰ প্ৰতি দয়াশীল হৈ নিজযশপ্ৰিয়তা ৰূপ সাধাৰণ বৃত্তিকে ধাৰণ কৰিছে। প্ৰাণ-শৰীৰৰ সাৰ বস্তু। ( আকাশৰপৰা বায়ু, বায়ুৰপৰা তেজ, তেজৰপৰা জল আৰু অপৰ পৰা পৃথিৱীৰ উৎপত্তি হৈছে। অস্থি, মাংস, নখ, চাল আৰু লোম এই পাঁচটা পৃথিৱীৰ গুণ। শুক্ত, শোণিত, মজ্জা, মল আৰু মূত্ৰ এই পাঁচটা পানীৰ গুণ। টোপন, ভোক, পিয়াহ, ক্লান্তি আৰু এলাহ এই পাচটা তেজৰ গুণ। ধাৰণ, চলন, ক্ষেপ, সঙ্কোচ আৰু প্ৰসাৰণ বা বিস্তাৰ এই পাঁচোটা বায়ুৰ গুণ। কাম, কোধ, লোভ, মোহ আৰু লাজ এই পাঁচটা আকাশৰ গুণ। আকাশাদি সুক্ষ্ম পঞ্চভূতৰ সত্ত্ব গুণৰপৰাই অন্তঃকৰণৰ উৎপত্তি। সেই অন্তঃকৰণ বৃত্তি ভেদে দুই একাৰ—মন আৰু বুদ্ধি। সংশয়াত্মক বৃত্তিৰ নাম মন আৰু নিশ্চয়ত্মিক বৃত্তিৰ নাম বুদ্ধি আকাশৰ সত্ব গুণৰপৰা কাণ, বায়ুৰ সত্ত্ব গুণৰপৰা চাপ, তেজৰ সত্ত্ব গুণৰপৰা চকু, জল সত্ত্ব গুণৰপৰা জিভা আৰু পৃথিবীৰ সত্ৰ গুণৰপৰা ঘ্ৰাণেন্দ্ৰিয় উৎপন্ন হৈছে। আকাশব ৰজো গুণৰপৰা বাক, বায়ুৰ ৰজ্যে গুণৰপৰা হাত, তেজৰ ৰজো গুণৰপৰা পদ, জলৰ ৰজো গুণৰপৰা পায়ু আৰু পৃথিৱীৰ ৰজো- গুণৰপৰা উপস্থ ইন্দ্ৰিয়ৰ উৎপন্ন হৈছে। ওপৰত উল্লেখ কৰা পঞ্চভূত- সমূহৰ ৰজো গুণৰপৰাই প্ৰাণৰ উৎপত্তি। প্ৰাণ বৃত্তি তেলে পাঁচ প্ৰকাৰ —প্ৰাণ, অপান, সমান, উদান আৰু ব্যান। নাকত থকা বায়ুক প্ৰাণ, পায়ুত থকা বাধুক অপান, উদৰত থকা বায়ুক সমান, কত থকা বায়ুক উদান আৰু সমন্ত শৰীৰ ব্যাপি থকা বায়ু ব্যান বোলা যায়।