পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩০৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৪
সটীক নামঘোষা


 যাৰ যিমান ইচ্ছা সিমানে ভগৱানক চিন্তা কৰি মুখেৰে তেওঁৰ ৰাম কৃষ্ণ আদি নাম লোৱা।

[ ৪৫৭]

মনে মুখে এক কৰি সদা বোলা ৰাম।
লভিবা পৰমানন্দ দূৰ হৈবে কাম॥

 একান্ত মনে অকপট ভাবে সদায় ৰাম নাম জপ কৰা। তাকে কৰিলে তোমাৰ অন্তৰত আনন্দ জন্মিব আৰু অন্তৰৰপৰা বিষয় বাসনা আঁতৰি যাব।

[ ৪৫৮ ]

ৰাম কৃষ্ণ নাম যাৰ মুখে ভৈলা গীত।
নামৰ প্ৰসাদে সিটো ভৈল কৃতকৃত্য॥

 যি সদায় ভগৱানৰ ৰাম কৃষ্ণ আদি নাম হেঁপাহেৰে লয়, সেই লোকে নাম লোৱাৰ গুণতে কৃতাৰ্থ হয়; অৰ্থাৎ ভগৱানৰ প্ৰতি ভক্তি জন্মিলে তেওঁৰ হৃদয়ত আনন্দ জন্মে আৰু শেষত তেওঁ মুক্তি লাভ কৰিব পাৰে।

[ ৪৫৯ ]

ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা ভাই ঝন্টে।
নচলিবা তেৱেসে দুৰ্ঘোৰ যম বাটে॥

ঝাণ্টে-শীঘ্ৰে।