পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩০৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৩
সটীক নামঘোষা


এতেকে এনে আনন্দদায়ক ভগৱানৰ নাম মুখ ভৰি অৰ্থাৎ যিমান পাৰা লোৱা।

[ ৪৫৪ ]

সদায়ে ভাবিতে ৰাম যাৰ ৰস বাঢ়ে।
ৰাম কৃষ্ণ নামে তাৰ কাহাক নছাৰে॥

 সদায় ৰাম কৃষ্ণ নাম লওঁতে লওঁতে যাৰ নামত ৰস জন্মে, তাৰ ফলতে সেইলোক নিজেতো উদ্ধাৰ হয়েই তেওঁৰ অতীত আৰু ভবিষ্যত বংশও উদ্ধাৰ হয়।

[ ৪৫৫ ]

হৰি সেৱা বিনে আৰ সকলো অসাৰ।
এহিমানে মাত্ৰ সৰ্ব্ব শাস্ত্ৰৰ বিচাৰ॥

 ভগৱানৰ পুজা সেৱাই হৈছে মনুষ্য জীৱনৰ মুখ্য কৰ্ম্ম; আন যত দেখা সকলো কৰ্ম্মৰ ফল অনিত্য, এইবোৰে জীৱক বন্ধন কৰে; সকলো ধৰ্মশাস্ত্ৰৰ এয়ে সাৰ তত্ব।

[ ৪৫৬ ]

নামৰ ভাণ্ডাৰ মুখে ভৈল কত ভাগে।
আনন্দে ভাবিয়ো ৰাম যাৰ যত লাগে॥

 কত ভাগ্যৰ ফলত মানুহৰ মুখেই ৰাম নামৰ ভঁড়াল হল, এতেকে