পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩০১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৭
সটীক নামঘোষা


 সকলো জীৱেই নিজৰ মঙ্গল কামনা কৰে আৰু সেই অৰ্থে নানা কাম কৰে, কিন্তু যিমানেই ধৰ্ম্মাৰ্থে অন্য কাম নকৰক, হৰিনামৰ বাহিৰে অন্য়ত মানুহৰ মঙ্গল নহয় অৰ্থাৎ কলিকালত মানুহে ধৰ্ম্মৰ অন্য পথ অৱলম্বন কৰি মুক্তি লাভ কৰিব নোৱাৰো।

৪৩৫]

হৰি নাম গাওঁতে কিঞ্চিতো নাহি দুখ।
গুচে ভয় মিলয় পৰমানন্দ সুখ॥

গুচে ভয় সকলো প্ৰক'ৰ ভয় গুচে; সংসাৰ ভয় গুচে।

 হৰিনাম লোৱাত গাত অলপো দুখ ভাগৰ নালাগে; নাম লোৱাৰ ফলত মানুহৰ সকলো প্ৰকাৰ ভয় গুচে আৰু জীৱে মৃত্যুৰ হাত সাৰে। নাম লোৱাৰ ফলত জীৱৰ হৃদয়ত অপাৰ আনন্দ সুখো জন্মে।

[ ৪৩৬ ]

হৰি কীৰ্ত্তনত যাৰ মিলয় সন্তোষ।
সৰ্ব্ব সুখভাগী হোৱে হৰে কলি দোষ॥

 যি মানুহে হৰিনাম কীৰ্ত্তন কৰি মনলৈ সন্তোষ আনিব পাৰে তেওঁ ধন, ভাৰ্য্যা, পুত্ৰ, আদি সংসাৰৰ সকলো প্ৰকাৰ সুখ পোৱা দৰে হয়, আৰু তেওঁক কলিকালৰ একো দোষে পীড়া কৰি নোৱাৰে।