পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্মৃতি-তৰ্পণ

 আমাৰ নামঘৰত গীতাই যদিও আসনৰ সেৱাৰ বস্তু আৰু অতি প্ৰাচীন কালৰপৰা আমাৰ বংশত গীতা কণ্ঠস্থ ৰাখা ৰীতি যদিও চলি আহিছিল, তথাপি ঘোষা শাস্ত্ৰ আমাৰ পূৰ্ব্বপুৰুষৰ মূৰ শোভা কৰা গুৰু-নিৰ্ম্মালি আৰু জপৰ-মালা স্বৰূপ আছিল। আমাৰ পৰম পূজ্যতম পৰমাৰাধ্য স্বৰ্গীয় পিতৃদেৱতাই অন্তিম কালত ঘোষা শুনি শুনিয়েই গতিলাভ কৰিছিল।

 আমি কম বয়সৰপৰাই ঘোষা পঢ়িছিলোঁ। আমাৰ পূজ্যপাদ কৰ্ণধাৰ-গুৰু স্বৰূপ স্বৰ্গীয় যজ্ঞৰাম মহন্ত জেঠাই মাজে সময়ে ঘোষা ব্যাখ্যা কৰি আমাক শুনাইছিল; কিন্তু আমাৰ দুৰ্ভাগ্য- বশতঃ সকলোবোৰ ঘোষাৰ ব্যাখ্যা আমি তেৰাৰ শ্ৰীমুখৰপৰা শুনিবলৈ নাপালোঁ।

 আমাৰ মধ্যম সহোদৰ কালিনাৰায়ণে (“চানা বাপাই”) মাজে সময়ে ঘোষাৰ অৰ্থ আমাক সুধিছিল; এওঁৰ তৃপ্তিৰ অৰ্থেই আমি জয় জয়তে ১৯২০ চনত কেইটামান ঘোষাৰ অৰ্থ লিখিছিলোঁ। তেওঁ এই ঘোষা কেইটাৰ অৰ্থ নিজে পঢ়ি আৰু আনক শুনাই আনন্দ লাভ কৰিছিল।

 ১৯২১ চনত মোৰ সহধৰ্মিনী ৺ভবানী দেবী মোৰ লগত যোৰহাটত থাকোতে নাম-ঘোষাৰ ব্যাখ্যা সম্পূৰ্ণ কৰিবলৈ ঘনাই উচতাই আছিল, কিন্তু দৈৱ-দুৰ্ব্বিপাকত সি তাৰ পাচৰ বছৰৰ তেওঁৰ মৃতশোচৰ এমাহ পাচতহে সম্পূৰ্ণ হৈ উঠিছিল।

 এই কাৰণত সটীক নাম-ঘোষা মোৰ পুণ্যস্মৃতি। আমাৰ বংশৰ স্বৰ্গগত আত্মাসকলৰ তৃপ্তিৰ অৰ্থে আজি ইয়াকেই অঞ্জলিত লৈ অৰ্পণ কৰিব লগাত পৰিলোঁ। ভগৱানৰ শ্ৰীচৰণ- পদ্মত কামনা কৰোঁ, যেন তেওঁৰ কৰুণাত সাধন হোৱা এই কৰ্ম্মদ্বাৰা স্বৰ্গগত আত্মাসকলৰ তৃপ্তি সাধন হয় আৰু পৃথিবীৰ নৰ- নাৰীৰ মনতো আনন্দ লাগে।