পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৪
সটীক নামঘোষা।


ৰাম কৃষ্ণ বোল ভাই ৰাম কৃষ্ণ বোল।
কোটি কোটি ব্ৰহ্মাণ্ড নামৰ নোহে মোল॥
ৰাম কৃষ্ণ ভাবিতে চূটয় কালপাশ।
সদা ৰাম হৰি বোল তেজিয়া আলাস॥

 কাশপাশ-যমৰ জৰী, যমৰ অধীনতা যমৰ যাতনা।

 যি মানুহে সদায় ৰাম-কৃষ্ণ হৰি আদি নাম উচ্চাৰণ কৰে, হৰি তেওঁৰ লগে লগে ফুৰে অৰ্থাৎ তেওঁ হৰিক সদায় অনুভৱ কৰিব পাৰে।

 ভাই, ৰাম কৃষ্ণ নাম সদায় লোৱ ভগৱানৰ নাম ইমান অমূল্য বা ডাঙৰ বস্তু, যে কোটি কোটি ব্ৰহ্মাণ্ডও তাৰ সমান নহয়।

 ভগৱানক ভক্তি কৰিলে যমৰ অধীনতা বান্ধ ছিঙে; অৰ্থাৎ মৃত্যুৰ হাত সাৰা যায় বা মুক্তি পোৱা যায়, গতিকে এলাহ এৰি সদায় ৰাম হৰি আদি ঈশ্বৰৰ নাম লোৱা।

[ ৪২৫ ]

হৰি গুৰু পদ সেৱা খাণ্ডা ডাঠি ধৰা।
মন বৈৰী কাটি সুখে ভৱ নদী তৰা॥

 খাণ্ডা—তৰোৱাল।

 ভগৱানৰ পদসেৱা ৰূপ তৰোৱাল টানি ধৰি তৰোৱালেৰে শত্ৰুক কাটাৰ দৰে ভগৱানৰ পদসেৱা ৰূপ ভক্তিৰে মনক বশ কৰি বিষয় বাসনাপূৰ্ণ সংসাৰ-নদী উদ্ধাৰ হোৱা অৰ্থ ৎ যুক্তি লাভ কৰা।

[ ৪২৬-৪৩০ ]

ৰাম কৃষ্ণ নিৰঞ্জন নিৰাময় হৰি।
সদা ৰাম কৃষ্ণ ভাবি যায়ো ভৱ তৰি॥