পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৩
সটীক নামঘোষা


লৈয়ো হৰি নাম গুণ বিঘিনি বিহীন।
আনন্দে ভজিয়ো ৰাম কিবা ৰাতি দিন॥
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল ভাই মুখে।
ৰাম কৃষ্ণ সুমৰি বসিয়া থাক সুখে॥
ৰাম কৃষ্ণ হৰি বোল তেজি ভয় লাজ।
হৈৱন্ত বেকত হৰি হৃদয়ৰ মাজ॥

 হে ভাই, মোহ দূৰ কৰি তত্ত্বজ্ঞান লাভ কৰি হৰিক আশ্ৰয় কৰি আৰু অন্য কামনা এৰি ভক্তিক ভাল পোৱা হোৱা অৰ্থাৎ ভগৱানক ভক্তি কৰা।

 মঙ্গলময় হৰিৰ নাম গুণ কীৰ্ত্তন কৰা, ৰাতি দিনে অভেদে আনন্দ মনে ৰাম নাম উচ্চাৰণ কৰা।

 হে ভাই, মুখেৰে সদায় ৰাম কৃষ্ণ নাম উচ্চাৰণ কৰা আৰু ৰাম কৃষ্ণকে মনত ধৰি আনন্দ মনে বহি থাকা অৰ্থাৎ মুখেৰে ৰাম-কৃষ্ণ নাম উচ্চাৰণ কৰা, অন্তৰত তেওঁক ধাৰণা কৰা।

 হে ভাই, কালৈকো ভয় নকৰি আৰু তুমি লাজ নকৰি ৰাম, কৃষ্ণ, হৰি আদি ভগৱানৰ নাম উচ্চাৰণ কৰা; তেওঁৰ নাম ললেই তোমাৰ অন্তৰত তেওঁ দেখা দিব অৰ্থাৎ ভগৱানক তমি অন্তৰত অনুভৱ কৰিব পাৰিবা।

[ ৪২২-৪২৪

যিটো ৰাম কৃষ্ণ হৰি বোলয় সৰ্ব্বথা।
তাৰ সঙ্গ এৰি হৰি যাব আৰ কোথা॥