সমললৈ যাওক

পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৯
সটীক নামঘোষা


হৈছে। সেই কাৰণে পুৰুষ আৰু প্ৰকৃতিক সৃষ্টি কাৰ্য্য কৰিবলৈ নিয়ম লগাই দিওঁতা পৰমেশ্বৰ। পৰমাত্মাৰপৰা অভিন্ন হয় যেতিয়া তেওঁৰ সমান আমাৰ প্ৰাণৰ বন্ধুও নাই অৰ্থাৎ তেৱেঁই আমাৰ প্ৰিয়তম বন্ধু।

স্মৰণ
[৪০৬-৪০৭ ]

হে কৃষ্ণ, তযু পাৱে পশিলো শৰণ।
মই অনাথৰ নাথ তুমি নাৰায়ণ॥
নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ।
ভজোহোঁ তোমাৰ দুই পদ অৰবিন্দ॥

 হে কৃষ্ণ, মই তোমাৰ চৰণত আশ্ৰয় ললোঁ; নাৰায়ণ, মই অনাথ, তুমিয়েই মোৰ আশ্ৰয় বা গৰাকী।  হে নাৰায়ণ, হৰি, ৰাম, গোপাল, গোবিন্দ, তোমাৰ পাদপদ্মত মই আশ্ৰয় লওঁ।

নমস্কাৰ
[৪০৮-৪১১]

নমো হৰি নাৰায়ণ ৰাম ৰাম ৰাম।
সৰ্ব্ব ধৰ্ম্ম শিৰোমণি তুৱা গুণ নাম॥
বন্দোহো গোবিন্দ ৰাম মুকুন্দ মাধৱ।
যাক সুমৰণে তৰি পাপ পৰাভৱ॥

১৯