পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৮
সটীক নামঘোষা


হৰিৰ নিৰ্ম্মল  ভকতি প্ৰকাশ
 কৰিলা শাস্ত্ৰক চায়া॥

 পৰম কৃপালু শ্ৰীমন্ত শঙ্কৰে জীৱৰ প্ৰতি পৰম কৃপালু হৈ হিন্দুৰ বেদ-বেদান্ত আদি শাস্ত্ৰ মন্থন কৰি হৰিৰ পৱিত্ৰ ভক্তি উলিয়ালে, আৰু তাক লোক সমাজত প্ৰচাৰ কৰিলে।

ঈশ্বৰ নিৰ্ণয়

কৃষ্ণ এব পাৰো দেৱঃ প্ৰধান পুৰুষেশ্বৰ:।
আত্মা সমস্তভূতানাং সতং পৰমবান্ধৱঃ॥ ৪০৫

[৪০৫]

প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ।
সমস্তৰে আত্মা হৰি পৰম বান্ধৱ॥

 বৈদান্তিক মত :-এইমতে আত্মা উদাসীন আৰু অকৰ্ত্তা; সমস্ত কৰ্ত্তৃত্ব মায়াৰ (প্ৰকৃতিৰ )। সাংখ্যবাদীসকলে প্ৰকৃতি-পুৰুষ এই মুল তত্ত্ব স্বীকাৰ কৰি সমস্ত কৰ্ত্তৃত্ব প্ৰকৃতিৰ বোলে। আত্মা উদাসীন। বেদান্ত ইয়াতকৈও এখোপ ওপৰলৈ গৈছে।

 সত্ত্ব, ৰজ তম এই তিনি গুণৰ সমান অৱস্থাই প্ৰকৃতি; জীৱা- ত্মাই পুৰুষ। এই দুয়োটাই ব্ৰহ্মৰপৰা ভিন; অৰ্থাৎ ব্ৰহ্ম নিৰ্গুণ; ব্ৰহ্মাণ্ডত তেওঁ থাকিলেও ব্ৰহ্মাণ্ডত আৰু সৃষ্টি কাৰ্য্যত তেওঁ নিৰ্লিপ্ত; তেওঁৰ ইচ্ছাত জীৱাত্মা আৰু প্ৰকৃতিৰ দ্বাৰাইহে সৃষ্টি কাৰ্য্য সমাধা