পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামবো। কৃষ্ণৰ চৰণে চিত্ত দিয়া মোক্ষ আদি ৰলে ৰতি আন নকৰয় মনে॥ কৃষ্ণৰ ৰণে চিত্ত দিয়া-ভগৱানৰ ওচৰত মন লগাই বা ভগৱানক থিৰ কৰি ধৰি। ৰতি আন নকৰয় মনে-অন্ত ইচ্ছা নকৰে। যশ-মাহাত্ম। [ পৰমেশ্বৰৰ নাম-গুণেই ভাগৱত শাস্ত্ৰ ভৰা; ভাগৱত শাস্ত্ৰ পঢ়িলে পৰমেশ্বৰৰ নাম গুণৰ মাহাত্ম্য বুজিব পাৰি।] ভগৱানৰ নাম-মাহাত্ম্যই মহাভাগৱত পুৰাণৰ সাৰ বস্তু। যি মানুহে এই ভাগৱতত গুণ বৰ্ণেৰ ভগৱানৰ নাম ৰস পান কৰে, অৰ্থাৎ একান্ত মনে নাম লওঁতে ওঁতে যাৰ নামত ৰতি জন্মে, সেই মানুহে ভগৱানকে ঠিক কৰি ধৰি ভক্তিৰস পান কৰি থাকে বা ভক্তিতে মজি থাকে, তেওঁ আৰু মুক্তি আদি অন্ত কামনা নকৰে বা কোনো কামনা তেওঁৰ মনলৈ নাহে। অহো বাঢ়ং! হৰেন্নাম কীৰ্ত্তয়ন্তি চ যে নৰা। নিষ্কামো বা সকামো বা ন কলিৰ্বাধতে কচিৎ। [ ২ ] কৃষ্ণৰ নামক সদা কীৰ্তন কৰয় যিটো মনে দৃঢ় কৰিয়া নিশ্চয়। নিষ্কাম হোক বা যদি সকাম হোয় তাক কদাচিতো কলি নবাধয়।