পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৮৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৬
সটীক নামঘোষা

আপোন কুশল চাৱা যেৱে তেৱে
 নেৰিবাহা যুগধৰ্ম্ম॥

 মিনতি ভাবে মই সকলোকে কওঁ, শাস্ত্ৰৰ সাৰ তত্ব শুনা—যদি তোমালোকে নিজৰ মঙ্গল কামনা কৰা, তেন্তে কলিকালৰ যুগধৰ্ম্ম হৰিনাম কীৰ্ত্তন কৰিবলৈ নেৰিবা অৰ্থাৎ হেলা নকৰি সদায় হৰি- নাম কীৰ্ত্তন কৰিবা।

[ ৪৯৯ ]

সত্য যুগে ধ্যান  ত্ৰেতা যুগে যজ্ঞ
 দ্বাপৰ যুগত পূজা।
কলিত হৰিৰ  কীৰ্ত্তন বিনাই
 আৱৰ নাহিকে দুজা॥

দুজা- দ্বিতীয়।

 লোকৰ তেজ, বল, বুদ্ধি আয়ুস অনুসাৰে সত্য যুগত ধ্যান, দ্বাপৰত পূজা আৰু ত্ৰেতাযুগত যজ্ঞ কৰি ঈশ্বৰ আৰাধনা কৰা ব্যৱস্থা আছিল; কিন্তু কলিৰ অল্পায়ু লোকসকলৰ নিমিত্তে সহজসাধ্য হৰি- নামৰ বাহিৰে ঈশ্বৰক ভাবা আৰু দ্বিতীয় উপায় নাই।

হৰেঃ কীৰ্ত্তনমুৎসৃজ্য ধৰ্ম্মন্যচ্চৰেৎ কলৌ।
ন কিঞ্চিৎ ফলমাপাতি শ্ৰম এব হি কেৱলং॥৫০০

[ ৪০০ ]

কলিত হৰিৰ  কীৰ্ত্তন বিনায়
 অন্যত্ৰ ধৰ্ম্ম আচৰে।